চাকৰিৰ দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী শিক্ষকৰ।
ছাত্ৰ-ছাত্ৰী মধ্যাহ্ ভোজন চাউল আত্মহাত কৰিলে বিদ্যাল়য়ৰ প্ৰধান শিক্ষককে।
এই ঘটনা ঘটনা সংঘটিত হৈছে বৰপেটা জিলা ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫৬৭ নং বালাভিঠা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত।
তিনি মাহ ধৰি একেৰাহে দিয়া নাই কণ কণ ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ ভোজন খাদ্য।
কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মুখৰ ভাত কাঢ়ি খালে
১৫৬৭ নং বালাভিঠা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ দেৱনাথে।
আনহাতে আন্তগাথনিৰ টকা আত্মহাত কৰাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে।
ছাত্ৰ-ছাত্ৰীৰ বাবে নাই বিদ্যালয়ত শৌচাগাৰ ব্যৱস্থা।
শৌচাগাৰ আৰু দমকলৰ ব্যবস্থা এক বছৰ ধৰি জৰাযীৰ্ণ।
শিক্ষয়িত্ৰীয়ে লোকৰ ঘৰত গৈ প্ৰেস্ৰা্ৱ কৰিব লগা হয়। অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে।
বালাভিঠা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখি ধৰিব নোৱাৰি পঢ়শালি নে গোহালি।
বিদ্যালয়খনত চাৰিওফালে ছানি ধৰিছে আৱৰ্জনাৰে।
ৰূপসী শিক্ষা খণ্ডৰ বিষয়ববীয়া আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে উচিত তদন্ত কৰিবলৈ দাবী স্থানীয় লোক সকলৰ লগতে অভিভাৱকৰ ।


Comments
Post a Comment