গোলকগঞ্জ আৰক্ষীৰ বৃহত সফলতা। অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ডেৰ কোটি টকাৰ সোন সহ আটক কৰে দুজন সৰবৰাহকাৰীক।

 

গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি  আৰক্ষীৰ দলে গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ নালিয়াৰ পৰা গোলকগঞ্জ অভিমুখী এখন ই-ৰিক্সাক তালাচী চলায়। আৰু ই-ৰিক্সাৰ পৰা ২০ টাকৈ সোনৰ বিস্কুট আৰক্ষীয়ে জব্দ কৰে। তাইজুল আলী আৰু সোনাউল্লাহ সিকদাৰ নামৰ ব্যক্তি দুজনক আটক কৰে। জব্দ কৰা সোনখিনিৰ বজাৰ আনুমানিক মূল্য প্ৰায় ডেৰ কোটিৰ অধিক। জানিব পৰা মতে সোনখিনি বাংলাদেশৰ জনৈক জহিৰুলৰ নামৰ এজন লোকৰ। সোনখিনি গোলকগঞ্জত এজন ব্যক্তিক প্ৰদান কৰাৰ কথা আছিল কিন্তু তাৰ আগতেই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধৰা পেলায়। গোলকগঞ্জ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।

Comments