ৰাণী বনাঞ্চলিক কাৰ্যালয়ত চলিছে ডেপুটী ৰেঞ্জাৰৰ দপদপনি।

 

গুৱহাটীৰ সমিপবৰ্তি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এলেকা সমূহ অবাধে চলিছে খনন তথা বন‌ধ্বংশৰ যজ্ঞ।ৰাণী‌ বনাঞ্চলিক কাৰ্যালয়তে  চলিছে বনধ্বংশৰ কুচকাৱাজ। দুমাহ পূৰ্বেই পদোন্নতি বাবে বদলি হৈ অন্য ঠাইলৈ যায় ৰাণীৰ পূৰ্বৰ আঞ্চলিক বনবিষয়া জয়ন্ত কুমাৰ গোস্বামী

আৰু  সেই তেতিয়াৰ পৰাই মুৰব্বীবিহিন হৈ পৰিছে ৰাণী বনাঞ্চলিক কাৰ্যালয়।

 বৰ্তমানলৈ ৰাণী বনাঞ্চলিক কাৰ্যলয়ত নিযুক্তি প্ৰদান কৰা‌ হোৱা নাই আন বন‌ বিষয়াক।

বৰ্তমান কাৰ্যালয়টোৰ দায়িত্ব প্ৰদান কৰা হৈছে ডেপুটী ৰেঞ্জাৰ মৃণালকান্তি নাথক।

দাতিত্ব  লাভ কৰিয়েই উঠি ৰজা‌ হৈ পৰিছে দূৰ্নীতিত নিমজ্জিত মৃণালকান্তি নাথ।

যোৱা জানুৱাৰী মাহৰ 21 তাৰিখে ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অধীনৰ ছাটাৰগাঁওত বনকৰ্মীৰ দলে জব্দ কৰিবলৈ সক্ষম হৈছিল এখন কাঠ‌ ভৰ্তী ডি আই বাহন‌।

বনকৰ্মীৰ দলে জব্দ কৰিবলৈ সক্ষম হৈছিল AS25SC9588 নম্বৰ চোৰাং কাঠ ভৰ্তি বাহনৰ

লগতে চোৰাং কাঠ সৰবৰাহ কৰা ব্যৱসায়িক।

ৰহস্য জনক ভাৱে কিন্তু সেই‌দিনা নিশাই ডেপুটী ৰেঞ্জাৰ মৃণালকান্তি নাথে বৃহৎ পৰিমাণৰ অংকৰ বিনিময়ত মুকলাই দিয়ে চোৰাং কাঠ ভৰ্তি বাহনখন।

Comments